Translation from Assamese to English
Translation Translation from Assamese to English Translation from English to Assamese Learn English from Assamese Language Spoken English Basic to Advance ইংৰাজী শিকক অসমীয়া ইংৰাজী অনুবাদ
মেকুৰীয়ে মাছ ভাল পায়।
The cat likes fish.
চৰাই আকাশত উৰে।
Birds fly in the sky.
১৯১৪ চনত প্রথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল।
The First World War began in 1914.
খেতিয়কজনে খুব পৰিশ্ৰম কৰে।
The cultivator works very hard.
তেওঁ কালি এটা কলম কিনিছিল।
He bought a pen yesterday.
যোৱা বছৰ আমি চিৰিয়াখানালৈ গৈছিলোঁ।
We went to the zoo last year.
ল'ৰাটোৱে গিলাচটো ভঙা নাছিল।
The boy did not break the glass.
শিক্ষকজনে শ্রেণীকোঠাত প্ৰৱেশ কৰাত ল'ৰাবিলাক থিয় হৈছিল।
The teacher entered the classroom, the boys stood up.
অহা বছৰ আমি তাজমহল চাবলৈ আগ্রালৈ যাম।
We shall go to Agra to see the Tajmahal next year.
বেলি পূৱপিনে উদয় হয় আৰু পশ্চিমপিনে মাৰ যায়।
The sun rises in the east and sets in the west.
তুমি মিঠাই ভাল পোৱা নে?
Do you like sweets?
তেওঁ ৰামৰ ভায়েক নে?
Is he Ram's brother?
Did Sita come to school yesterday?
কালি সীতা স্কুললৈ আহিছিল নে?
সৌ ওখ মানুহজন কোন?
Who is that tall man?
তোমাৰ বয়স কিমান?
How old are you?
ডাক্তৰজন এতিয়া কলৈ যাব?
Where will the doctor go now?
ৰমেন কালি ইয়ালৈ কিয় অহা নাছিল?
Why did Ramen not come here yesterday?
তোমাক কোনখন কিতাপ লাগে?
Which book do you want?
দেৱালখন কিমান ওখ?
How high is the wall?
তুমি এতিয়াও অঙ্কটো কৰা নাই?
Have you not done the sum yet?
এতিয়া খেলা বন্ধ কৰা।
Stop playing now.
পথাৰৰ মাজেৰে দৌৰা।
Run across the field.
এতিয়া দুৱাৰখন নুখুলিবা।
Don't open the door now.
চিঠিখন ডাকত দিয়া।
Post the letter.
অনুগ্রহ কৰি মোক টকা দহটা ধাৰলৈ দিয়ক।
Please lend me ten rupees.
কিতাপখন মেজৰ ওপৰত থোৱা।
Put the book on the table.
সঁচা কথাটো কোৱা যাওক।
Let the truth be told.
তোমাৰ দাঁতবোৰ দেখুৱা।
Show your teeth.
পিয়লাটোত অকণমান চেনি দিয়া।
Put a little sugar in the cup.
হায় ভগৱান!
Oh God!
মই যে কি মূর্খ!
What a fool I am!
কেঁচুৱাটো কি ধুনীয়া!
How lovely the baby is !
হায়! মোৰ সৰ্বনাশ হ'ল!
Alas; I am undone !
বাঃ, আমি খেলত জিকিলোঁ!
Hurrah, we have won the game !
আজি কি গৰম!
How hot it is today !
এই বোৰ কি ধুনীয়া ফুল!
How beautiful these flowers are !
যুদ্ধ কিমান যে ভয়াবহ!
How fearful the war is !
তেওঁ ইমান বেগাই খোজ কাঢ়ে!
How fast he walks !
ৰামু ইমান দুখীয়া!
How poor Ramu is!
তুমি যেন দীর্ঘজীৱী হোৱা
May you live long.
ভগবানে তোমাক মঙ্গল কৰক
May God bless you.
আমাৰ প্রধান শিক্ষক দীর্ঘজীবী হওক
Long live our headmaster.
তেওঁৰ আত্মাই শান্তি লাভ কৰক
May his soul rest in peace.
তেওঁ ৰবিবাৰে ৰাতিপুৱা খেল পথাৰত ফুৰে।
He walks in the field on Sunday morning.
আকাশত মেঘ নাই।
There is no cloud in the sky.
খেতিয়কজন সদায় পুৱা পাঁচ বজাত উঠে।
The farmer gets up at five every morning.
আঙুৰ টেঙা।
Grapes are sour.
মই গম পাইছোঁ যে তেওঁ হেনো পৰীক্ষাত প্রথম হৈছে।
I hear that he stood first in the examination.
তেওঁক সুখী যেন দেখা যায়।
He appears to be happy.
শূন্য ডিগ্রী চেন্টিগ্রেডত পানী গোট মাৰে।
Water freezes at 0° centigrade.
আমাৰ গাঁৱত এটা পুখুৰী আছে।
There is a tank in our village.
গৰুৱে ঘাঁহ খাই জীৱন ধাৰণ কৰে।
The cow lives on grass.
আমাৰ গাঁৱৰ ডাক্তৰজন অহামাহত বিলাতলৈ যাব।
The doctor of our village starts for England next week.
গৰুবোৰে এতিয়া পথাৰত ঘাঁহ খাই আছে।
Cows are grazing in the field now,
বাহিৰলৈ নাযাবা; এতিয়া বৰষুণ দি আছে।
Do not go out; it is raining now,
তাইক আমনি নকৰিবা; তাই এখন চিঠি লিখি আছে।
Don't disturb her: she is writing a letter.
আকাশৰ ওপৰেৰে মেঘবোৰ গৈ আছে।
The clouds are moving across the sky.
চোৱা! মেকুৰীজনীয়ে গাখীৰখিনি খাই আছে।
Look! the cat is drinking the milk.
ল'ৰাবোৰে খেল পথাৰত খেলি আছে নে?
Are the boys playing in the field?
তেওঁ কথাটো বৰ দকৈ চিন্তা কৰি আছে।
He is thinking over the matter very deeply.
মই অঙ্কটো কৰিলোঁ
I have done the sum.
তেওঁ পাঠটো শিকিলে।
He has learnt the lesson.
তোমালোকে শৰাইঘাট দলং দেখিছানে?
Have you seen the Saraighat Bridge?
তেওঁ এই মাত্র মুম্বাইৰপৰা আহি পাইছে।
He has just returned from Mumbay.
তেওঁ এতিয়াও কিতাপখন শেষ কৰা নাই।
He has not finished the book yet.
ল'ৰাজনে আজি বহুত কাম কৰিলে।
The boy has done a lot of work today.
তুমি বৰ ডাঙৰ ভুল কৰিলা।
You have made a great mistake.
তেওঁ ল'ৰালিকালৰ পৰাই পৰিশ্ৰমী।
He has been hardworking since childhood.
ল'ৰাকেইটাই সকলো প্ৰশ্নৰ উত্তৰ কৰিলে।
The boys have answered all the questions.
তেওঁলোকে ইয়াত কিমান সময় কাম কৰি আছে?
How long have they been working here?
আমি ইয়াত ১৯৯৪ চনৰ পৰা আছোঁ।
We have been living here since 1994.
or. We have lived here since 1994.
প্রবীনে যোৱা শনিবাৰৰ পৰা জ্বৰত ভূগি আছে।
Probin has been sulfering from fever since last Saturday.
আমাৰ শিক্ষকে যোৱা চাৰিদিন ধৰি গল্পটো পঢ়াই আছে।
Our teacher has been teaching the story for the last four days.
খুব বাতিপুৱাৰ পৰা বৰষুণ দি আছে।
It has been raining since early morning.
দেউতাই গোটেই দিনটো ফুলনিত কাম কৰি আছে।
Father has been working in the garden all day.
তেওঁৰ মাক এবছৰ আগেয়ে ঢুকাইছে।
His mother died a year ago.
আদিম মানুহে গুহাত বাস কৰিছিল।
Primitive men lived in caves.
দ্বিতীয় মহাযুদ্ধ ১৯৩৯ চনত আৰম্ভ হৈছিল।
The Second World War began in 1939.
যদু কালি মোক দেখা কৰিবলৈ আহিছিল।
Jadu came to see me yesterday.
মই এঘণ্টাৰ আগেয়ে বাতৰিটো শুনিছিলোঁ।
I heard the news an hour ago.
বেলখন কুৰি মিনিট পলমকৈ পাইছিলহি।
The train arrived twenty minutes late.
মই চিঠিখন কালি ডাকত দিছিলোঁ।
I posted the letter yesterday.
মধুৱে সদায় কঠোৰ পৰিশ্ৰম কৰিছিল।
Madhu always worked hard.
Or, Madhu used to work hard.
তেওঁ ল'ৰালি কালটো অবাবত নষ্ট কৰিছিল।
He wasted his childhood for nothing.
ল'ৰাটোৱে গীত গাইছিল আৰু ছোৱালীজনীয়ে নাচিছিল। The boy sang and the girl danced.
মই স্কুললৈ গৈ থাকোতে ৰমেনক লগ পাইছিলোঁ।
I met Ramen when I was going to school.
হাচিবে কালি গধূলি কবিতা এটা আবৃত্তি কৰি আছিল।
Hasib was reciting a poem last evening.
নিৰুৱে এটা কাম বিচাৰি আছিল।
Niru was looking for a job.
তাই যেতিয়া পঢ়ি আছিল, তেতিয়া তাইৰ মাকে বান্ধি আছিল।
While she was reading, her mother was cooking.
খেলুৱৈসকল যেতিয়া প্রৱেশ কৰিছিল, আমি স্টেডিয়ামত বহি আছিলোঁ
While the players entered, we were sitting in the stadium.
I like money more than ( I like) my wife.
মই মোৰ ঘৈণীতকৈ টকা- পইচাহে বেছি ভাল পাওঁ।
I bought an old French Dictionary.
মই এখন পুৰণি ফৰাচী অভিধান কিনিছিলোঁ।
The old woman gave her dog biscuits.
বুঢ়ীজনীয়ে তাইৰ কুকুৰটোক বিস্কুত দিছিল।
The police stopped drinking by midnight.
মাজ- নিশা পুলিচে মদ খোৱা কাৰ্য বন্ধ কৰিছিল।
I know a taller man than Bill
মই বিলতকৈ এজন অধিকতৰ ওখ মানুহক চিনি পাওঁ।
You should help old men and women.
তোমালোকে বুঢ়া মানুহ আৰু তিৰোতাক সহায় কৰা উচিত।
There is a shop by the bank
নদীৰ পাৰত এখন দোকান আছে।
I had a book stolen yesterday.
কালি মোৰ এখন কিতাপ চুৰি হ'ল।
I saw the girl in the car that needed some water.
গাড়ীত থকা ছোৱালীজনীয়ে পানী বিচৰা দেখা পাইছিলোঁ।
I saw twenty one month-old babies in the hospital.
মই কুৰিটা এমহীয়া কেঁচুৱা হস্পিটালত দেখিছিলোঁ।
Children find it difficult to wash easily.
ল'ৰা-ছোৱালীবোৰে নিজেই ধুবলৈ টান পায়।
They can (be able to) fish.
তেওঁলোকে মাছ মাৰিব পাৰে।
I dislike my wife's cooking (preparation.)
মোৰ পত্নীয়ে ৰন্ধা বস্তু মই খাই ভাল নাপাওঁ।
I like to entertain ladies.
মই ভদ্রমহিলাসকলক আপ্যায়িত কৰিবলৈ ভাল পাওঁ।
I like those ladies who entertain people.
আনক আপ্যায়িত কৰা ভদ্রমহিলাক মই ভাল পাওঁ।
He is a French teacher.
তেওঁ ফৰাচী ভাষাৰ শিক্ষক।
To starve children can be dangerous
ল'ৰা-ছোৱালীক ভোকত ৰখাটো বিপদজনক হ'ব পাৰে।
When a woman loses her husband, she pines for a second.
যেতিয়া মানুহ এজনীয়ে তাইৰ গিৰিয়েকক হেৰুৱায়, তেতিয়া তাই এক চেকেণ্ড আক্ষেপ কৰে।
She speaks English naturally (in a natural manner).
তাই স্বাভাৱিক ধৰণে ইংৰাজী কয়।
There are new houses and shops along the road.
ৰাস্তাৰ কাষত নতুন ঘৰ আৰু দোকান আছে।
The chicken is ready (grown up enough) to eat .
মুগীটো খুঁটি খাব পৰাকৈ ডাঙৰ হৈছে।
The chicken (dish) is ready (cooked) to eat.
মুৰ্গীৰ আঞ্জাখন ৰন্ধা হ'ল আৰু খাব পৰা হৈছে।
That is a moving van.
সৌখন এখন চলন্ত ভান-গাড়ী।
The industrious Chinese dominate the economy of the South East.
পৰিশ্ৰমী চীনজাতিটোৱে দক্ষিণ-পূবৰ অর্থনীতি নিয়ন্ত্ৰণ কৰে।
Visiting (to visit) relatives can be a nuisance.
সম্বন্ধীয় মানুহৰ ঘৰলৈ যোৱাটো আমনিদায়ক হ'ব পাৰে।
I saw him going there.
মই তেওঁক তালৈ গৈ থকা দেখা পাইছিলোঁ।
I am to go.
মই যোৱাটো স্থিৰ হৈছে।
I have to go.
মই যাবই লাগিব।
He is very good.
তেওঁ বৰ ভাল।
He is too good.
তেওঁ অতি ভাল, অর্থাৎ ইমান ভাল হোৱাও ভাল নহয়।
I shall go there direct.
মই পোনে পোনে তালৈ যাম।
I found it easy.
মই এইটো সহজ পাইছিলোঁ।
I found it easily.
মই এইটো সহজে পাইছিলোঁ।
Do it once again.
এইটো আকৌ এবাৰ কৰা।
Do it once and again.
এইটো বাৰে বাৰে কৰা।
He arrived late.
তেওঁ পলমকৈ উপস্থিত হৈছিল।
He arrived lately.
তেওঁ অলপতে উপস্থিত হৈছিল।
He has written the letter.
তেওঁ চিঠিখন লিখিলে।
He has the letter written.
তেওঁ চিঠিখন লিখাই ল'লে।
I saw him cross the street.
মই তেওঁক ৰাস্তা পাৰ হোৱা দেখা পাইছিলোঁ।
I saw him crossing the street.
মই তেওঁক ৰাস্তা পাৰ হৈ থকা দেখা পাইছিলোঁ।
She is rather tall.
তাই বৰ ওখ, অর্থাৎ বয়সতকৈ বেছি ওখ।
She is fairly tall.
তাই দেখনিয়াৰভাৱে ওখ, অর্থাৎ বয়সেৰে সৈতে খাপ খোৱা ওখ।
He stopped talking to me.
তেওঁ মোৰে সৈতে কথা-বতৰা হোৱাটো বন্ধ কৰিছিল।
Perhaps he is coming tomorrow.
কালিলৈ তেওঁ অহাৰ সম্ভাৱনা কম।
Probably he is coming tomorrow.
কালিলৈ তেওঁ অহাৰ সম্ভাৱনা বেছি।
He works hard.
তেওঁ কঠোৰ পৰিশ্রম কৰে।
He hardly works.
তেওঁ কাচিৎ হে কাম কৰে, অর্থাৎ কাম প্রায় নকৰে।
Even Robert can solve this problem.
আনকি ৰবার্টেও এই সমস্যাটো সমাধান কৰিব পাৰে।
Robert can solve even this problem.
ৰবার্টে আনকি এই সমস্যাটোও সমাধান কৰিব পাৰে।
The train leaves at 8 o'clock.
ৰেল-গাড়ীখন প্রত্যেক দিনে ৮ বজাত এৰে।
The train will leave at 8 o'clock.
ৰেল-গাড়ীখন ৮ বজাত এৰিব।
The flowers on the table are pretty.
মেজত থকা ফুলবোৰ ধুনীয়া।
The flowers are pretty on the table.
মেজত থাকিলেহে ফুলবোৰ ধুনীয়া দেখি।
He appears to be ill.
তেওঁৰ অসুখ যেন দেখা গৈছে।
He appears to have been ill.
তেওঁৰ অসুখ হৈছিল যেন দেখা গৈছে।
He struck the dog dead.
তেওঁ কুকুৰটো কোবাই মাৰিছিল।
He struck the dead dog.
তেওঁ মৰা কুকুৰটো কোবাইছিল।
I ought to help you.
মই তোমাক সহায় কৰাটো উচিত।
I ought to have helped you.
মই তোমাক সহায় কৰিব লাগিছিল।
He is at fault.
তেওঁ দোষ বা ভুল কৰিছে।
He is generous to a fault.
তেওঁ বৰ বেছি উদাৰ হৃদয়ৰ।
He will come in time.
তেওঁ যথাসময়ত আহিব।
He will come on time.
তেওঁ নির্দিষ্ট বা নিৰ্দ্ধাৰিত সময়ত আহিব।
He was telling me about the incident.
ঘটনাটোৰ বিষয়ে তেওঁ মোক কৈ আছিল।
He told me about the incident.
ঘটনাটোৰ বিষয়ে তেওঁ মোক কৈছিল।
If you do that I can't help you.
তুমি যদি সেইটো কৰা, মই তোমাক সহায় কৰিব নোৱাৰোঁ।
If you'll do that I can't help you
তুমি যদি সেইটো কৰিবলৈ মন কৰিছা, তোমাক সহায় কৰিব নোৱাৰোঁ।
Your friends here.
তোমাৰ বন্ধু ইয়াত আছে।
Here's your friend.
এয়া তোমাৰ বন্ধু
My wife who lives in the village is arriving today.
গাঁৱত থকা মোৰ ঘৈণীজনী আজি আহি পাব।
He was on the right.
তেওঁ সোঁপিনে আছিল।
He was in the right.
তেওঁ ভুল কৰা নাছিল।
স্কুললৈ যোৱাৰ আগেয়ে ল'ৰাজনে অঙ্কটো কৰিছিল।
The boy had done the sum before he went to school.
পুলিচ অহাৰ আগেয়ে চোৰটো পলাল।
The thief had fled before the police came.
পৰীক্ষা আৰম্ভ হোৱাৰ আগেয়ে তেওঁ স্কুল পাইছিলহি।
He had reached school before the examination started.
ৰাছিয়াত সাম্যবাদ আবির্ভাব হোৱাৰ আগেয়ে জাৰসকলে শাসন কৰিছিল।
The Czars had ruled in Russia before Communism appeared.
বেলি ডুবাৰ আগেয়ে ল'ৰাবোৰে এঘণ্টা ধৰি ফুটবল খেলি আছিল।
The boys had been playing football for an hour before sunset.
তেওঁ যোৱামাহত পাঁচ দিন অনুপস্থিত আছিল।
He had been absent for five days last month.
অৱসৰ লোৱাৰ আগেয়ে তেওঁ ৩৩ বছৰ শিক্ষকতা কৰিছিল।
He had been teaching for 33 years before he retired.
সি যোৱাৰাতি ৮ বজাৰপৰা ১০ বজালৈ অঙ্ককেইটা কৰি আছিল।
He had been doing the sums from 8 to 10 last night.
কাইলৈ আমি চিৰিয়াখানালৈ যাম।
We shall go to the zoo tomorrow.
তুমি মোক এটা সাধু কবা নে?
Will you tell me a story?
কাইলৈ এই সময়ত তোমালোকে কেৰেম খেলি থাকিবা।
You will be playing carrom at this time tomorrow.
বৰষুণ দিয়াৰ আগেয়ে মই ঘৰ পামগৈ।
I shall have reached home before it rains.
তোমালোক আহি পোৱাৰ আগেয়ে শিক্ষক গুচি যাব।
The teacher will have gone before you arrive.
আমি তেওঁলোকক কাইলৈ লগ ধৰাৰ কথা।
We are going to meet them tomorrow.
তেওঁ এখন কিতাপ প্রকাশ কৰিবলৈ ওলাইছে।
He is going to publish a book.
মানুহ মৰণশীল।
Man is mortal.
অংক টান বিষয়।
Mathematics is a difficult subject.
টকাই তোমাৰ সকলো নে?
Is money everything to you?
গোলাপ ফুলপাহ ইমান ধুনীয়া!
How beautiful the rose is!
চহৰীয়া জীৱন দুখীয়াবিলাকৰ কাৰণে উপযোগী নহয়।
The town life is not suitable to the poor.
তেওঁ মোক উচ্চ সম্মানৰ অধিকাৰী কৰিলে।
He raised me to an honourable position.
আজি কি বাৰ?
What day of the week is it?
মোৰ ঘড়ীত চাৰি বাজিবলৈ ১০ মিনিট বাকী আছে।
It is ten minutes to four by my watch.
খেলৰ ফলাফল অমীমাংসিত হ'ল।
The game ended in a draw.
ঈশ্বৰক বিশ্বাস কৰা উচিত।
One should have faith in God. Or, One should trust in God.
টকাই টকা আনে; কিন্তু শান্তি আনিব নোৱাবে।
Money begets money; but not peace of mind.
সকলো মানুহ মোৰ বিপক্ষে আছিল, তথাপিও মই সাহস হেৰুৱা নাছিলোঁ।
Everyone was against me. nevertheless I did not lose heart.
খেতিয়কজনৰ ল'ৰাকেইটাই কাজিয়া কৰিছিল, কিন্তু তেওঁ মনে মনে বহি আছিল।
The farmar's sons quarrelled, but he was sitting silently.
ৰমেনে অঙ্ক কৰি আছিল আৰু লতিফে চৰাইবোৰ উৰি থকা চাই আছিল।
Ramen was doing sums and Latif was looking at the birds flying.
দিনত সূর্যই আৰু ৰাতি চন্দ্ৰই কিৰণ দিয়ে।
The sun shines by day and the moon by night.
তেওঁ দোকান এখনলৈ গ'ল আৰু পচন্দ কৰি এটা কলম কিনিলে।
He went to a shop, selected a pen and bought it.
যিজন ভদ্রলোকক তুমি দেখিছিলা তেওঁ এজন উকীল।
The gentelman (whom) you saw is a lawyer.
এইখনেই মই বিচৰা কিতাপ।
This is the book (that) I wanted.
সি কেৱল টকাকেই ভাল পায়।
It is only money (that) he loves.
কোনটো কি তুমি জানানে?
Do you know which is what?
আমি যিখন চহৰত বাস কৰোঁ তাৰ নাম বৰপেটা।
The name of the town in which we live is Barpeta.
তেওঁ যি কৈছে, সি যুক্তিসঙ্গত নহয়।
What he says is not reasonable.
যদি বৰষুণ দিয়ে আমি খেলিবলৈ নাযাওঁ।
If it rains, we will not go to play.
এইখনেই ঠাই য'ত শ্রীশঙ্কৰদেৱে জন্মগ্রহণ কৰিছিল।
This is the place where Sri Sankardeva was born.
তেওঁৰ মৃত্যু হৈছে বুলি ওলোৱা বাতৰিটো সত্য নহয়।
The news that he was dead is not true.
শিক্ষকে তেওঁক কি বুলি কৈছিল মই জানো।
I know what the teacher said to him.
মই জানো যে পৃথিৱীখন ঘূৰণীয়া।
I know that the earth is round.
এই সমস্যাটো মই কেনেকৈ সমাধা কৰিব পাৰোঁ তুমি মোক ক'ব পাৰিবা নে?
Can you tell me how I can solve this problem?
তাই এইটো কিয় কৰিলে সেইটোৱেই এটা ৰহস্য হৈ আছে।
Why she did this still remains a mystery.
শিক্ষকে কি কয় মন দি শুনা।
Listen carefully to what the teacher says.
পৰিকল্পনাটো কেনেকৈ কাৰ্য্যকৰী কৰা হ'ল সেই কথা কোনেও নাজানে।
Nobody knows how the plan has been executed.
মাধৱে সজোৱা ঘৰ এইটোৱেই।
This is the house that Madhab built.
ৰাষ্ট্ৰপতি কেতিয়া পাবহি তাৰ সঠিক সময়টো মোক কওক।
Tell me the exact time when the President will arrive.
তেওঁ কোন ঠাইত জন্মগ্রহণ কৰিছিল জনা নাযায়।
The place where he was born is not known.
তুমি কালি লগপোৱা মানুহজন এজন ভাল সঙ্গীতজ্ঞ।
The man whom you met yesterday is a good musician.
এইখনেই ঠাই য'ত বাণীকান্ত কাকতিয়ে জন্মগ্রহণ কৰিছিল।
This is the place where Banikanta Kakati was born.
এনেকুৱা মানুহ আছে নে যি নিজৰ দেশক ভাল নাপায়?
Is there such a man who does not love his own country?
Stay where you are.
তুমি য'ত আছা তাতেই থাকা।
কামৰ সময়ত কাম কৰিবা আৰু খেলৰ সময়ত খেলিবা। Work while you work and play while you play.
যিহেতু তেওঁ দুখীয়া, তেওঁ এখন মটৰ গাড়ী কিনিব নোৱাৰে।
Since he is poor, he cannot buy a car.
যদি বৰষুণ দিয়ে, আমি বাহিবলৈ নাযাওঁ।
If it rains, we shall not go out.
অসুখ হোৱাৰ কাৰণে কালি পাৰভিন স্কুললৈ যোৱা নাছিল।
Parveen did not go to school yesterday because she was ill.
তাই তাইৰ ভায়েকৰ নিচিনা চতুৰ নহয়।
She is not as intelligent as her brother
সি তললৈ গ'ল।
He has gone downstairs.
তাই তালৈ যাব।
She will go there.
To fly planes can
be dangerous.
আকাশীযান চলোৱা কাৰ্যটো বিপদজনক হ'ব পাৰে।
The flying planes can be dangerous.
উৰি যোৱা আকাশীযান বিপদজনক হ'ব পাৰে।
He is a new car salesman.
তেওঁ নতুন গাড়ী বিক্রেতা।